অৰুণোদয় আঁচনি 2023 – Online Apply

অসম চৰকাৰে ( Orunidoi Scheme) নামেৰে এখন আঁচনি আৰম্ভ কৰিছে এই আচঁনিৰ জৰিয়তে ১৯.১০ লাখ অসমত বাস কৰা পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে ১০০০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিব । অসমৰ দৰিদ্ৰ লোকসকলে পুষ্টি আৰু ঔষধ, দাইল আৰু চেনী ক্ৰয় কৰাৰ বাবে এই অৰুণোদয় আঁচনিখন আৰম্ভণি কৰিছে । এই প্ৰবন্ধটোত আপোনালোকে ‌‌পঢ়িব পাৰিব অৰুণোদয় আঁচনি ২০২৩ (Orunidoi Scheme  2023)  অৰুণোদয় আচঁনিৰ বাবে ‌কনেকৈ‌ আবেদন কৰিব , কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব , এই আচঁনিৰ লাভালাভ ‌, ইত্যাদি ।

( অৰুণোদয় আচঁনিৰ বাবে পুনৰ নতুনকৈ অফলাইন আবেদন আৰম্ভ হ’ব ৭ জানুৱাৰীৰ ২০২৩ ৰ পৰা মে’ মাহলৈ আৰু প্ৰথম কৃস্তিৰ টকা এপ্ৰিল মাহৰ ১০ তাৰিখৰ পৰা পাব )

অৰুণোদয় আঁচনি 2023 Online Apply (Orunidoi Scheme Online Apply 2023 )

এয়া আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এক অভিলাষী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে ১০০০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিব ।পৰিয়ালৰ মুখ্য তত্বাৱধায়ক মহিলা গৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হ’ব। আঁচনিগত সুবিধা ৮৩০/-ৰ পৰা ১০০০/ টকালৈ বৃদ্ধি কৰা হৈছে। চিকিৎসা তথা পুষ্টি সম্বন্ধীয় সহায়তাৰ বাবে একোটা পৰিয়ালক প্ৰতি মাহে ১০০০ টকা বিত্তীয় অনুদান প্ৰদান কৰিব।

ৰেচন কাৰ্ড আবেদন কৰিবলৈ 👉ইয়াত ক্লিক কৰক

    অৰুণোদয় আঁচনিৰ ২০২৩                       ( Overview Orunidoi Scheme )

আচঁনিৰ নাম  অসম অৰুণোদয় আচঁনি
আৰম্ভ কৰা হৈছে  ২ অক্টোবৰ ২০২০
টকাৰ পৰিমাণ  ১০০০/-
আৰম্ভ কৰা হৈছে  অসম চৰকাৰ
ৰূপায়ণ কৰা হৈছে  অসমৰ বিত্ত বিভাগ
হিতাধিকাৰী  মহিলা
আবেদনৰ ধৰণ ‌ অফলাইন
উদ্দেশ্য  দৰিদ্ৰসকলক আৰ্থিক   সাহায্য
অফিচিয়েল ৱেবছাইট Orunidoi.in

 

অসম অৰুণোদয় আচঁনিৰ উদ্দেশ্যে ( Objective of Assam Orunidoi Scheme )

অসম অৰুণোদয় আঁচনিৰ মূল উদ্দেশ্য হ’ব অসম ৰাজ্যত বিভিন্ন সেৱাসমূহ ৰূপায়ণ কৰা। অসম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হ’ব। সংশ্লিষ্ট কৰ্তৃপক্ষৰ মূল উদ্দেশ্য হৈছে অসমৰ সকলো বাসিন্দাই কোনো ধৰণৰ আৰ্থিক অসুবিধা নোহোৱাকৈ সুখী জীৱন যাপন কৰাত সহায় কৰা। যিদৰে আমি সকলোৱে জানো যে অসম এখন সৰু ৰাজ্য আৰু তাত থকা বহু জনসাধাৰণে আৰ্থিক সংকটত ভুগিছে, এই আঁচনিখনে দৰিদ্ৰ পৰিয়ালৰ বাবে সেই সকলো আৰ্থিক সংকট দূৰ কৰিব।

অসম অৰুণোদয় আচঁনিৰ উদ্দেশ্যেসমূহ এনেধৰণৰ –

  • আঁচনিখনৰ মূল উদ্দেশ্য হ’ল ১৯.১০ লাখ অৰ্থনৈতিকভাৱে বঞ্চিত পৰিয়াল লাভাম্বিত‌ কৰা ।
  • প্ৰতিমাহে দুখীয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ ১০০০ টকাৰ আৰ্থিক সাহায্য ।
  • পুষ্টি আৰু স্বাস্থ্যৰ বাবে আটাইতকৈ দৰিদ্ৰ লোকক নূন্যতম নিশ্চয়তা ।
  • প্ৰাথমিক অংশীদাৰ সকললৈ পোনপটীয়াকৈ ধন হস্তান্তৰ ।

অৰুণোদয় আঁচনি 2022

অৰুণোদয় আঁচনি 2023 যোগ্যতা ( Eligibility of Assam Orunidoi Scheme Online Apply 2023 )

অৰুণোদয় আচঁনিৰ যোগ্যতা সমূহ তলত আলোচনা কৰা হ’ল –

  • আবেদনকাৰীজন অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব ।
  • এই আচঁনিৰ বাবে আবেদন কৰিবলৈ হ’লে দৰিদ্ৰ পৰিয়ালৰ  মহিলা হ’ব লাগিব ।
  • বিধবা পৰিয়াল ।
  • অবিবাহিত নাৰী ।
  • বিবাহ বিচ্ছেদ মহিলা থকা পৰিয়াল ।
  • দিব্যাংক লোক থকা পৰিয়াল ।
  • ৰেচন কাৰ্ড নথকা পৰিয়াল ।
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচঁনিৰ কাৰ্ড থকা পৰিয়াল ।
  • যিসকলৰ ঘৰত দুচকীয়া আৰু তিনিচুকীয়া বাহন থকা পৰিয়ালে এই আচঁনিৰ লাভ নকৰিব ।

 

কেনেকৈ আবেদন কৰিব অৰুণোদয় আঁচনি‌‌ 2023( how to online apply Orunidoi Scheme 2023 )

যিসকল অসমৰ বাসিন্দাই এই আচঁনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে তলত দিয়া ধৰণে আবেদন কৰিব পাৰিব [ বৰ্তমানলৈকে অনলাইন আবেদন আৰম্ভ হোৱা নাই কিন্তু অফলাইনত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব ]:

  • অৰুণোদয় আচঁনিৰ বাবে আবেদন কৰিবলৈ হ’লে আবেদনকাৰীয়ে পোন প্ৰথমে তললৈ স্ক্ৰল কৰিব লাগিব আৰু গুৰুত্বপূৰ্ণ ৱেব লিংক(Important web link section ) বুলি দেখা পাব ।
  • তাতেই আপোনালোকে অৰুণোদয় আচঁনিৰ আবেদন(online apply ) ইয়াত ক্লিক কৰক option ত ক্লিক কৰিব লাগিব ।
  • তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ম’বাইলত এটা pdf file ডাউনলোড হ’ব এনেকোৱা ধৰণৰ

Orunidoi Scheme from

  • এই ফ্ৰমখন আপোনালোকে জেৰক্স কৰি পূৰণ কৰিব লাগিব ।
  • তাৰ পাছত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে গাঁঠি গাঁও পঞ্চায়ত কাৰ্যালয়ত জমা‌ কৰিব লাগিব ।
অৰুণোদয় আঁচনি‌‌ 2023 প্ৰয়োজনীয় নথি-পত্ৰ
  • বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা
  • প্ৰাধান্যতাক সমৰ্থন কৰা নথি-পত্ৰ
  • বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ
  • ম’বাইল নাম্বাৰ

 

গুৰুত্বপূৰ্ণ ৱেব লিংক Important web link section 
অৰুণোদয় আচঁনিৰ আবেদন(Offline pdf ) ইয়াত ক্লিক কৰক
আবেদনৰ স্থিতি
( status )
ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইট ইয়াত ক্লিক কৰক

 

 

 

 

 

 

Leave a Comment