হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ :- প্ৰাৰ্থনা টি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা পুথি খনৰ পৰা তুলি অনা হৈছে । He prano bondhu krishna is a written by Sri Sri madhavadeva in “Namghosa ” holy book . Namghosa is a vaishnavi te scripture of verses in praise of lord Krishna . The Namghosa is one of the four major scripture written by madhavadeva and place on the foundation of the Namghosa of assamese vaishnava community . The Namghosa was composed around 1568 – 1596 .
Parthona Name | He Prano Bondhu Krishna |
Source | Namghosa |
Written by | Sri Sri Madhavadeva |
Rhythm | Pada |
হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ
হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ । অণু এক কৰা দায়া মায়া হৌক দূৰ ।।৫৩৩
জয় জয় কৃপাময় দেৱ যদুপতি । তোমাৰ চৰণে মাগো অমূল্য ভকতি ।।৫৩৪
হে হে পৰমানন্দ প্ৰভু কৃপাসিন্ধু । ভকতি আনন্দ ৰস মাগো এক বিন্দু ।।৫৩৫
পতিত পড়িয়া ৰৈলো এ ভৱ সাগৰে । পতিত পাৱন নাম বৈল কিবা তৰে ||৫৩৬
অৰুণ চৰণে মই পাপীক তাৰিয়ো । পতিত পাৱন নাম সাফল কৰিয়ো ||৫৩৭
আতুৰ ভৈলোহো হৰি বিষয় বিকলে | কৰিয়ো উদ্ধাৰ মোক চৰণকমলে ||৫৩৮
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ | তনু নাৱ বুৰি আসে নাহিকে গিয়ান ||৫৩৯
নামধন দিয়া মোকে কিনা বনমালী | দাস পায়া নলৱা কমন ঠাকুৰালি ||৫৪০
নিজ দাস কৰি হৰি মোকে কিনা কিনা | আন ধন নলাগয় নামধন বিনা ||৫৪১
জয় জয় ৰাম কৃষ্ণ শৰণ তোহ্মাৰ | কৃপাৰ সাগৰ কৃপা কৰা একবাৰ ||৫৪২
দিয়ো দৰিশন পাৱে পশিলো শৰণ | ভকতজনৰ ধন তুমি নাৰায়ণ ||৫৪৩
নিৱেদন
যাদৱ যাদৱ যাদৱানন্দন দেৱ । তুমি বিনে সহৃদ বান্ধৱ নাহি কেৱল ।। ৫৪৪
কমনে ভজিবো হৰি চৰণ তোহ্মাৰ । দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আহ্মাৰ ।।৫৪৫
ৰাম বুলি তৰিবে দঢ়াই আছো মন । তুমি হৰি দীনবন্ধু পতিত পাৱন ।।৫৪৬
পতিত পাৱন ৰাম কৃষ্ণ কৃপা সিন্ধু । আমি পতিতক নছাড়িবা দীনবন্ধু ।।৫৪৭
হে হৰি মোৰে প্ৰাণ জীৱন মুৰাৰি । অনাথৰ নাথ ভকতৰ ভয়হাৰী ।।৫৪৮