kimote bhokoti lyrics :
This is a devotional assamese songs . “Kimote bhokoti lyrics” The prayer has been picked up in a book called Namghosha written by Madhavadeva. Prayer is a good way to heal the body and mind. Prayer awakens people’s spiritual thinking. Creates a passion for God in the mind
Parthona Name | Kimote bhokoti |
Source | Namghosa |
Written by | Madhavadeva |
Parthona | কাকুতি প্ৰাৰ্থনা |
kimote bhokoti lyrics in assamese
কিমতে ভকতি কৰিবো তোমাত হৰি এ মঞি মূঢ়মতি নজানো তাৰ উপায় ৰাম-ৰাম ।
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম ।।৭৯০।।
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাঞো ৰাম ৰাম ।
অভয় চৰণে শৰণ পশিলোঁ হৰি এ তুৱা গুণনাম ভকতি প্ৰদীপ চাঞো ৰাম ৰাম ।।৭৯১।।
ভকতি মিনতি প্ৰণতি নজানো হৰি এ মোৰ পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম ।
তুমি প্ৰভু কৃপা ৰসৰ সাগৰ হৰি এ দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম ।।৭৯২
kimote bhokoti lyrics
হৰি এ কৰুণাসিন্ধু জীৱন-বন্ধু গতি মতি তুমি নাৰায়ণ।
তুৱা গুণ-নাম ভকতৰ মহাধন ।।৭৯৩।। পতিত বুলিয়া মোকে হৰি হৰি ও ৰাম
তেজিতে নপাৰা নাৰায়ণ । পৰম কৰুণা গুণে হৰি হৰি ও ৰাম
নাম ধৰিছা পতিত-পাৱন ।।৭৯৪।। দয়াৰ ঠাকুৰ হুয়া দায়া কেনে নকৰয় ।
ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময় ।।৭৯৫।। মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ । তুমি কৃপাময়ক নজানো এত দিন
মোকে কৃপা কৰা হৰি এ ।।৭৯৬।। মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণ-বন্ধু ৰাম
নেৰোক মুখে ৰাম-কৃষ্ণ-নাম ।।৭৯৭।। পতিত-পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া । তযু বেদ-বাণী আমি আছোঁ শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া ।।৭৯৮।। তুৱা গুণ-নাম অমৃত-আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি । চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি ।।৭৯৯।। তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ । নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলয় কোন প্ৰমাদ ।।৮০০।। হে দয়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকূতি-বাণী । মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোমাৰ কি হয় হানি ।।৮০১।। পৰম কৃপালু হুয়া যদুপতি এ
কোন অপৰাধে মোক ভৃত্য পৰিহৰা । শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ যিটো নাম লৱে তাকে মোৰ বুলি ধৰা ।।৮০২।।
জ্ঞানশূন্য আতি পশুপক্ষী জাতি এ তাকো অনুগ্ৰহ কৰি আছা কৃপাময় ।
আকে জানি হৰি শৰণে পশিলোঁ এ আমাক তোমাৰ তেজিতে উচিত নয় ।।৮০৩।।
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী ।
মই অনাথক নবঞ্চিবা হৰি এ তযু সেৱা-ৰস আশা কৰি আছোঁ আমি ।।৮০৪।।
বেদৰ গুপুত বিত্ত নাৰায়ণ এ দৈৱকীত হন্তে সাক্ষাতে ভৈল বিদিত ।
জীৱৰ তাৰণ-হেতু নাৰায়ণ এ প্ৰচাৰিলা নিজ যশ-ধৰ্ম্ম বিপৰীত ।।৮০৫।।
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ জোনো মোক তুমি দাস পৰিহৰা হৰি |
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি ।।৮০৬।।
তোমাৰ গুণৰ মহিমা দেখিয়া এ আন যত কাম দূৰতে তেজিয়া থৈলো ।
তযু পদ-সেৱা-ৰসক আশায় এ তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো ।।৮০৭।।
সহজ কৃপালু গুণক প্ৰকাশি এ ধৰি আছা হৰি ভকত-বৎসল নাম ।
ধেনু যেনমতে বত্স ক পালয় এ তুমি সেহিমতে ভকতক পালা ৰাম ।।৮০৮।।
আমি যত জীৱ তোমাৰ পালন হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী । আৱে যেৱে নিজ ভৃত্য বুলি পালা
হৰি হৰি হৰি হৰি এ তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি ।।৮০৯।।
তুমি যাক পালা সিয়োজন আমি হৰি হৰি হৰি হৰি এ
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত । তোমাৰ অধীন হুয়া কেনে আমি
হৰি হৰি হৰি হৰি এ ভৈলোহোঁ স্বতন্ত্ৰ ইটো কিনো অদভুত ।।৮১০।।
তোমাক পৰম ঈশ্বৰ নামানি হৰি হৰি হৰি হৰি এ
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি । আৱে তযু পদে শৰণ পশিলোঁ হৰি হৰি হৰি হৰি এ
মঞি দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী ।।৮১১।। দাস হুয়া তযু সেৱা নকৰিলোঁ হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই । তুমি পুনু প্ৰভু সহজ-কৃপালু হৰি হৰি হৰি হৰি এ
শৰণ পশিলোঁ ক্ষমিবে প্ৰভু যুৱাই ।।৮১২।। মঞি অজ্ঞানীৰ যতেক অজ্ঞান হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক । ইটো মোৰ ঘোৰ দোষ পৰিহৰি হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক ।।৮১৩।। প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা হৰি হৰি হৰি হৰি এ
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ । কৃষ্ণৰ চৰণ-পঙ্কজ বিনাই হৰি হৰি হৰি হৰি এ মঞি অনাথৰ গতি নাহি নাহি আৰ ||৮১৪
kimote bhokoti lyrics in English
Kimote bhokoti koribu tamato hori a a .. Moi Mur homoti najanu tar upai raamo raam
Mohabolo bonto durba khona ghur hori a a … Amaaro monoko teziya dur nojai raamo raam
Tumaro mayare mono muhi ase hori a a. Agyaano andhare poriya paaro nappàao raamo ram
Abhoyo Sorone khorono pokhilu hori a a.. Tuwaa guno naam bhokoti Pradip saao raamo raam.
Bhokoti minoti pronti najano hori a a.. muto proegyaano khunyo hinomoti naii raamo raam
Tumi Prabhu kriba rokhoro sagoro hori a a.. diyo muko Tuwaa podo saya tole thaii raamo raam
ব্ৰহ্মা আদি কৰি জীৱ যতপ্ৰাৰ্থনা পঢ়িবলৈ👉ক্লিক কৰক