krishna eko devo lyrics
[ krishna eko devo lyrics “ কৃষ্ণ এক দেৱ দুখ হাৰী ” প্ৰাৰ্থনা টি মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা পুথি খনৰ পৰা তুলি অনা হৈছে ] krishna eko devo parthona is a written by Sri Sri madhavadeva in “Namghosa ” holy book . Namghosa is a vaishnavi te scripture of verses in praise of lord Krishna . The Namghosa is one of the four major scripture written by madhavadeva and place on the foundation of the Namghosa of assamese vaishnava community . The Namghosa was composed around 1568 – 1596 .
Parthona Name | krishna eko devo |
Source | Namghosa |
Written by | Madhavadeva |
rhythm | Lesari ( লেছাৰী ) |
krishna eko devo lyrics
ঈশ্বৰ নিৰ্ণয় (লেছাৰি ছন্দ)
কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ ।
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ।।৫৮৬।।
নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা ।
পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ।।৫৮৭।।
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায়-বাক্যে মনে থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ ।
সদা জন্ম-জৰা-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ।।৫৮৮।।
যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে ।
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে ।।৫৮৯।।
অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে ।
তেন্তে তুমি জান ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ।।৫৯০।।
শৰণ
শোক মোহ মহাপঙ্ক মাজে অৰ্জ্জন মগন ভৈলা দেখি
পৰম ঈশ্বৰ দেৱতা নন্দ নন্দন ।
কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক
হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ ।।৫৯১ ।।
নমস্কাৰ
হে কৃষ্ণ ধনঞ্জয় সখা বৃষ্ণিকুল শ্ৰেষ্ঠ দুষ্ট ৰাজা
বংসৰ দহন অনন্তবীৰ্য্য গোৱিন্দ ।
গো বিপ্ৰ দেৱ দুখহাৰী যোগেশ্বৰ সমস্তৰ গুৰু
নমো ভগৱন্ত তযু পদ অৰৱিন্দ ।।৫৯২।।
মুক্তিত নিস্পৃহ যিটো প্ৰাৰ্থনা
A youtube video krishna eko devo :